Assam food & potato masala মছালা আলু

সামগ্ৰী:-

  1. আলু ২৫০ গাম (আলু সৰু সৰু)
  2. টমেট চচ ১ কাপ
  3. নিমখ,হালধি ।(জোখমতে)
  4. জীৰাগুৰি,জলকীয়া।(জোখমতে)
  5. মানধনিয়া(জোখমতে)

প্ৰনালী:-

প্ৰথমতে আলু খিনি বাকলি গুচাই লব। ১০ মিনিত মান আলু খিনি সিজাই লব।পানী ঢুকি গৰম তেলত পাঁচ ফুৰনৰ সৈতে ভাজিব।জোখমতে নিমখ,হালধি,জীৰাগুৰি,জলকীয়া গুৰি,টমেট’চচ দিব। সামান্য পানী মিহলাই ২ মিনিত মান উতলিবলৈ দিব। ঘন হৈ অহাত মানধনিয়া কুটি নমাই থব।ৰুটী বা ভাতৰ লগত সুৱদ লব নিশ্চয় ভাল লাগিব###

Ready potato masala

Potato masala

খাই কেনে পালে comment কৰি জনাব,

ধন্যবাদ

শীতল পানীয় “দৈৰ পৰা লাৰ্চি উপকৰন”

সামগ্ৰী:-

1/ দৈ পাচ চামোচ
2/ চেনী দুই চামোচ
3/ শীতল পানী চাহৰ কাপে দুই কাপ
4/ কাজু চাৰিটা সৰুকৈ কূটি ল’ব
দৈৰ লাৰ্চি
5/ কিচৃমিচৃ পাচ, ছয়টামা
প্ৰনালী:-
শীতল পানী, দৈ, চেনী একলগ কৰি মিক্স কৰি, ওপৰত কাজু, কিচ্ মিচ্ দি দিব।
গৰমত এনেকৈ ঘৰতে দৈৰ লাচি তৈয়াৰ কৰি খাব###

Ready দৈৰ লাৰ্চি

খাই কেনে পালে comment কৰি জনাব,

ধন্যবাদ

খাদ্য তালিকাত “কচু”

কচুৰ প্ৰকাৰ:-

কচুৰ বিভিন্ন প্ৰকাৰৰ আছে, তাৰে বহুকেইবিধ আমি শাক হিচাপে খাওঁ। সেইবোৰৰ ভিতৰত আছে, কলা কচু, নীল কচু, দহি কচু, দুধ কচু, মানকচু/বৰকচু, ওলকচু, এডলীয়া কচু বা চামকচু, গণচানা, ওলমুকুতা ইত্যাদি ইত্যাদি।
ইয়াৰে কিছুমানৰ গাগছ অংশ ছোঁচ গুচাই ৰান্ধি খোৱা হয় আৰু কিছুমানৰ মূল বা আলু অংশ ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়। অৱশ্যে কচুৰ কোমল পাত বা কচুঠুৰী, ঠাৰি, ফুল, মূল অংশ, লতি, পাত আদি প্ৰায় প্ৰতিটো অংশই খাবৰ বাবে ব্যৱহাৰ কৰিব পাৰি

কচুৰ সংৰক্ষণ:-

কচু সাধাৰণতে কাটি অনাৰ কেইদিনমানৰ ভিতৰতে খোৱা হয় যদিও ইয়াক দীৰ্ঘদিনৰ বাবে ব্যৱহাৰ কৰিবলৈ সংৰক্ষণ কৰাৰো ব্যৱস্থা আছে। কচুৰ গা-গছ অংশ আঁহ গুচাই ৰ’দত ভালদৰে শুকুৱাই বতাহ সোমাব নোৱাৰা বটল বা পাত্ৰত ৰাখিলে পাছলৈ শুকান মাছ বা মাছৰ মূৰ আদিৰে ৰান্ধিব পাৰি। সেইদৰে মানকচুৰ আলু অংশ চকলিয়াই টান ৰ’দত শুকুৱাই গুৰি কৰি সংৰক্ষণ কৰা দেখা যায়। এই গুৰিৰে বৰ ভাজি কৰিব পাৰি বা মাছৰ সতে তৰকাৰী ৰান্ধিব পাৰি।

কচুৰ উপকাৰীতা:-

কচু ভিটামিন এ'(কেৰটিন) ৰ ভাল উৎস। লগতে কচুত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থকা হেতু ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই সুষম পথ্য। বিশেষকৈ কলাকচু এই সকল ৰোগীয়ে ৰান্ধি খালে সুফল পায়।
পোৱতি আৰু গৰ্ভৱতী মাতৃক কচুৰ জালুকীয়া খাবলৈ দিয়াটো আমাৰ সমাজত এক পৰম্পৰা। ই কেঁচা নাড়ী শুকুৱাত সহায় কৰে লগতে মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ বাবে উপকাৰী। লগতে গাৰ বিষ আদি হলেও এই জালুকীয়া তৰকাৰী খনে আৰাম দিয়ে।
কচুত ফাইবাৰৰ বহুল উপস্থিতিৰ হেতু ই পেটৰ পাচন প্ৰক্ৰিয়াত সহায় কৰি কৌষ্ঠ কাঠিন্য ৰোগ নিৰ্মূল কৰাত সহায় কৰে।
সৰুতে খেল-ধেমালি কৰোতে ছাল গ’লে কচুৰ আঠা লগোৱা কথা মনত পৰেনে? সেই আঠাত বীজাণু নাশ কৰিব পৰা গুণ থকাৰ লগতে তেজ সোনকালে বন্ধ কৰাত সহায় কৰে। বিভিন্ন ঘাঁ ফোঁহা হলে আগৰ দিনত কচুৰ আঠাকে প্ৰাথমিক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিছিল।
বিভিন্ন পৰীক্ষা-নিৰিক্ষা, গৱেষণা আদিৰ পৰা কচুৰ নানান গুণাগুণৰ বিষয়ে সময়ে সময়ে সকলোৱে অৱগত হৈছে। ৰক্তচাপ, জণ্ডিচ, ডায়েবেটিচ, স্নায়ুৰোগ আনকি কৰ্কট ৰোগৰ প্ৰতিৰোধ কৰিব পৰা গুণ কচুত আছে বুলি জানিব পৰা হৈছে।
চাবলৈ গলে ই আমাৰ চকুৰ সমুখতে থকা মুকুতা, যি অসংখ্য গুনেৰে ভৰপূৰ।
অৱশ্যে গুণসম্পন্ন হলেও কোনো এটা বস্তৰ অত্যাধিক ব্যৱহাৰ বেয়া। সেইদৰে কচুও এটা পৰিমিত নিয়মত খালে উপকৃত হব পাৰি। ইয়াৰ এক খজুৱতি গুণ আছে গতিকে কেঁচাই কেতিয়াও ভক্ষণ কৰিব নালাগে। লগতে এলাৰ্জি ৰোগী সকলেও চাই চিতিহে ব্যৱহাৰ কৰাটো যুগুত।

সংযোজন:-

বৰ্তমান আমি দেখা পাওঁ অসমৰ পাচলি বজাৰ প্ৰায় বোৰ বিদেশী সাৰ দিয়া পাচলিয়ে গ্ৰাস কৰিছে। গুটি পচোৱাৰ পৰা বজাৰত বেচালৈ বিভিন্ন ঔষধ এই শাকপাচলি সমূহত প্ৰদান কৰা হয় যি মানুহৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। তাৰ তুলনাত এই আমাৰ সাধাৰণ যেন লগা যতে ততে গজি উঠা কচু শাক অতি উপকাৰী। ই এক লাভজনক খেতি হব পাৰে কাৰণ ইয়াৰ বাবে বৰ বিশেষ কষ্টৰ প্ৰয়োজন নহব।

কচু খোৱাৰ বিধি:-

অসমৰ জাতি জনগোষ্ঠী সকলোৱে বিভিন্ন ধৰণে কচু ৰান্ধি খায়। তাৰ ভিতৰত কচুঠুৰী পাতত দিয়া আৰু কচু জালুকীয়া অন্যতম।
১) কচুৰ ঠুৰী: কোমল কচুৰ পাতবোৰ সাধাৰণতে সৰুকৈ কাটি বিলাহী, মছন্দৰী পাত, সৰুমাছৰ সতে বা খালিকৈ কলপাতত বান্ধি জুইত পুৰা হয়। কোনো কোনোৱে ধান সিজোৱাৰ সময় এইদৰে বান্ধি ধানৰ লগতে দিয়ে। সিজি যোৱা কচু পাছত নিমখ তেল জলকীয়া দি পিটিকি খোৱা হয়।
২) কচুৰ পাত: কচুৰ ডাঙৰ পাত সমূহ সাধাৰণতে ৰান্ধি খোৱা নহয় যদিও অলপ কোমল থাকিলে তাক গা-গছৰ সতে একেলগে ৰান্ধিব পাৰি। মানকচুৰ ডাঙৰ পাত আগতে বৰষুণৰ দিনত ছাতিৰ দৰে ব্যৱহাৰ কৰিছিল, লগতে গাঁৱৰ হাটত মাছ-পুঠি কচু পাততে বান্ধি বিক্ৰী কৰা হৈছিল।
৩) কচুৰ ঠাৰি: কলাকচু, নলকচু, দহিকচু, নীলকচু আদিৰ ঠাৰি খাবলৈ বেছ উপযোগী। ইয়াৰ আঁহ বোৰ গুচাই সৰুকৈ কাটি সিজাই পানীটো নিগৰাই লৈ বিভিন্ন মা-মছলা বা মাছৰ মূৰ, গোটামাছ-মাংসৰে ৰান্ধিব পাৰি। অসমৰ জনগোষ্ঠী সকলৰ মাজত কচুৰে ৰন্ধা শুকান মাছ এক অন্যতম ব্যঞ্জন। চামকচু বা এডলীয়া কচুৰ ঠাৰি আকৌ কেঁচাই চাটনি হিচাপে খাব পাৰি।
ইয়াৰ উপৰিও হিদল তৈয়াৰ কৰাৰ সময়ত মাছৰ সতে কলা কচুৰ ঠাৰি খুন্দি টেকেলিত ভৰাই ৰখা হয়।
৪) কচুৰ মূল বা আলু: ওলকচু, পঞ্চমুখী কচু, মানকচু আদিৰ মূল অৰ্থাৎ মাটিৰ তলত থকা অংশ খাবলৈ ব্যৱহাৰ কৰা হয়। মাছ মাংস বা খালিকৈও এই কচু বৰ সোৱাদ যুক্ত হয়। ওলকচুৰে কুকুৰা মাংসৰ জোল ভাদ মাহৰ প্ৰথম তাৰিখে তিৱা সকলে ৰান্ধি খোৱা দেখা যায়।
৫)কচুৰ লতি: কচুৰ লতি খাবলৈ সামান্য বিজলুৱা ধৰণৰ। বড়ো সকলে কচুৰ লতি আৰু টেঙামৰা পাতেৰে সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰে।

কচু
সাধাৰণতে চকু ফুৰালেই বাৰী, ৰাস্তাৰ দাঁতি বা পথাৰ সকলোতে সহজতে দেখিবলৈ পোৱা এবিধ উদ্ভিদ হল কচু। ভিটামিন এ আৰু আইৰণৰ অন্যতম উৎস এই কচুৰ আমাৰ খাদ্য তালিকাত বিশেষ মান আছে। অসম তথা উত্তৰপূৰ্বাঞ্চলৰ বাহিৰেও ভাৰতৰ বিভিন্ন ৰাজ্যেত কচু শাক আৰু মূল খাদ্য হিচাপে গ্ৰহণ কৰা হয়। বৰ্তমান সময়ত বজাৰত উপলব্ধ হৰেক ৰকমৰ সাৰ দিয়া পাচলিৰ তুলনাত আমি হাততে পোৱা কচুশাক বহু গুণে স্বাস্থ্যৰ পক্ষে উপকাৰ

Post তো পঢ়ি কেনে লাগিল comment কৰিব

ধন্যবাদ

পইতা_ভাতৰ_উপকাৰিতা kuzi rice

প্ৰণালী:-

পইতা ভাত সাধাৰণতে উখোৱা চাউলৰ ভাতক ১২ ঘণ্টা মান পানীত তিয়াই ৰাখি প্ৰস্তুত কৰা হয়, উখোৱা চাউল নহলেও অন্য চাউলৰ ভাত হলেও হয়। ভাৰতৰ ভাতৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যকেইখনৰ সকলো লোকৰে পৰিচিত এই পইতা ভাত। পইতা ভাতক ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়। গৰমৰ দিনত পইতা ভাত অসমীয়া সমাজত সকলো লোকে খাই ভাল পাই, কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয় । এই ভাতৰ লগত পুৰা, পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা আদি লৈ খোৱা হয়।

উপকাৰিতা:-


১। এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি জমা নহয়।
২। এই ভাতত আমাৰ শৰীৰৰ বাবে উপকাৰী প্ৰায় সকলো খিনি উপদানেই থাকে। এই ভাতক প্ৰায় ১২ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। তাৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন— B উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰও বৃদ্ধি হয়।
৩। পইতা ভাতত লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায় কৰে।
৪। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
৫। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।
৬। পইতা ভাত খালে দেহত সোনকালে বয়সৰ প্ৰভাৱও নপৰে।
৭। পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
৮। এই ভাত খালে লিভাৰো সুৰক্ষিত হৈ থাকে।
৯। কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী। কাৰণ প্ৰতি ১০০ গ্ৰাম পইতা ভাতত ৮৫০ মিলিগ্ৰাম থাকে, কিন্তু গৰম ভাতত ২৯ মিলিগ্ৰামহে থাকে।
১০। এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগী সকলৰ বাবে অতিকৈ উপকাৰী।
১১। পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।
১২। এই ভাত খালে পেট খোলোছা হোৱাৰ লগতে পেটৰ নানান সমস্যা সমূহো দূৰ হয়।

Kuzi rice

গতিকে আহকচোন বন্ধুসকল আমাৰ প্রিয় এই ভাতবিধক এইবাৰৰ গৰমৰ দিন কেইটাত গ্ৰহণ কৰি আমি নিজকে নিৰোগী কৰি ৰাখোঁ।

Post তো কেনে লাগিল comment কৰিব জনাব

ধন্যবাদ

ডিম আৰু মেগি Egg & Maggi noodles

সামগ্ৰী:-

  1. ডিম :- 2 টা
  2. মেগি :- 2 পেকেট
  3. পিযাজ :- ৫০ গ্রাম
  4. কেচাঁ জলকীয়া :- ২/3 টা

প্ৰণালী:-

প্ৰথমে পিয়াজ এটা, জলকীয়া দুটা মিহি কৈ কুটি লব । কেৰাহী এখনত তেল গৰম হবলৈ দি কুটি থোৱা পিয়াজ ,জলকীয়া খিনি দি ভাজি লব। ডিম দুটা মেগি মছলা দুই পেকেট দি ডিম খিনি ঘনাই লৰাই ভাজি লব । গৰম পানী দুই কাপ দি মেগি দুই পেকেট ঢাকি দিব । মেগি সিজি অহাত নমাই চকনি চাকি লব । পিয়াজ,জলকীয়া আৰু ডিম মিলাই মেগি দি দিব অলপ গৰম কৰি ডিম মেগি পৰিৱেশন কৰক ###

Egg Maggi noodles

Ready egg Maggi noodles

খাই কেনে পালে comment কৰি জনাব,

ধন্যবাদ

চিকেন আৰু পিঠাগুড়ি “মিচিং পিতাং অয়িং”(মিচিংসকলৰ পৰম্পৰাগত খাদ্য) chicken & rice powder curry,,

সামগ্ৰ:-

  1. লোকেল চিকেন :- —- ২০০ গ্ৰাম,
  2. পিঠাগুড়ি :- —- ১/২ কাপ,
  3. পিয়াঁজ :- —- ১০০ গ্ৰাম,
  4. বিলাহী :- —- ১০০ গ্ৰাম,
  5. আলু (সিজোৱ :- —- ১৫০ গ্ৰাম,
  6. জীৰা পাউদাৰ ১ চামুচ, মিট্ মচলা 2 চামুচ, শুকান জলকীয়া গুড়ি(নিজে গুড়ি কৰা) ১/২ চামুচ, গৰম মচলা ১/২ চামুচ, কেচাঁ জলকীয়া ২ টা, জালুকৰ গুড়ি ১ চামুচ, আদা নহৰু পেষ্ট ২ চামুচ, ধনিয়া পাত মিহিকৈ কটা আৰু আন্দাজমতে নিমখ হালধি ।

প্ৰনালী:-

প্ৰথনে মাংসখিনি ভালকৈ ধুই নিমখ হালধি আৰু ১ চামুচ ৰিফাইণ্ড তেল দি সানি ১০ মিনিটৰ কাৰণে ৰাখি থব।তাৰ পাচত কেৰাহীত প্ৰায় ৩ চাহ চামুচ তেল দি মাংস আৰু আলু খিনি অলপ ৰঙচোৱাকৈ ভজাৰ পাচত ক্ৰমান্ধয়ে আদা/নহৰু পেষ্ট পিয়াজ,বিলাহী,(জীৰা ,মিট্ ,গৰম,শুকান জলকীয়া গুড়ি) দি তেল বিৰিঙি যোৱাকৈ ভজাৰ পাচত ২ গিলাচ গৰম পানী দি উতলিব দিব। উতলি থকা মাংসৰ তৰকাৰিত পিঠাগুড়ি অলপ অলপকৈ চটিয়াই লৰাই থাকিব। তৰকাৰি ৰঙচোৱা হৈ অলপ ঘন হৈ আহিলত জালুকৰ গুড়ি ধনিয়া প্ৰয়োজনমতে নিমখ দি নমাই থব। সেই তৰকাৰি ভাত,লুচিৰ লগত খাই সোৱাদ ল’ব পাৰিব।###

Ready chicken & rice curry

chicken & rice powder curry,,

খাই কেনে পালে comment কৰি জনাব,

ধন্যবাদ