সামগ্ৰ:-
- লোকেল চিকেন :- —- ২০০ গ্ৰাম,
- পিঠাগুড়ি :- —- ১/২ কাপ,
- পিয়াঁজ :- —- ১০০ গ্ৰাম,
- বিলাহী :- —- ১০০ গ্ৰাম,
- আলু (সিজোৱ :- —- ১৫০ গ্ৰাম,
- জীৰা পাউদাৰ ১ চামুচ, মিট্ মচলা 2 চামুচ, শুকান জলকীয়া গুড়ি(নিজে গুড়ি কৰা) ১/২ চামুচ, গৰম মচলা ১/২ চামুচ, কেচাঁ জলকীয়া ২ টা, জালুকৰ গুড়ি ১ চামুচ, আদা নহৰু পেষ্ট ২ চামুচ, ধনিয়া পাত মিহিকৈ কটা আৰু আন্দাজমতে নিমখ হালধি ।
প্ৰনালী:-
প্ৰথনে মাংসখিনি ভালকৈ ধুই নিমখ হালধি আৰু ১ চামুচ ৰিফাইণ্ড তেল দি সানি ১০ মিনিটৰ কাৰণে ৰাখি থব।তাৰ পাচত কেৰাহীত প্ৰায় ৩ চাহ চামুচ তেল দি মাংস আৰু আলু খিনি অলপ ৰঙচোৱাকৈ ভজাৰ পাচত ক্ৰমান্ধয়ে আদা/নহৰু পেষ্ট পিয়াজ,বিলাহী,(জীৰা ,মিট্ ,গৰম,শুকান জলকীয়া গুড়ি) দি তেল বিৰিঙি যোৱাকৈ ভজাৰ পাচত ২ গিলাচ গৰম পানী দি উতলিব দিব। উতলি থকা মাংসৰ তৰকাৰিত পিঠাগুড়ি অলপ অলপকৈ চটিয়াই লৰাই থাকিব। তৰকাৰি ৰঙচোৱা হৈ অলপ ঘন হৈ আহিলত জালুকৰ গুড়ি ধনিয়া প্ৰয়োজনমতে নিমখ দি নমাই থব। সেই তৰকাৰি ভাত,লুচিৰ লগত খাই সোৱাদ ল’ব পাৰিব।###
Ready chicken & rice curry

খাই কেনে পালে comment কৰি জনাব,